User:Gunin Das

From Wikipedia, the free encyclopedia

হৰিপুুৰ গাঁঁও, শদিয়া

হৰিপুৰ গাওঁ খন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাওঁ অৱস্থিত। এই গাওঁ খন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগে। তিনিচুকীয়া চহৰৰপৰা আহিলে শদিয়াৰ ড০ ভূপেন হাজৰিকা সেতূৰ পৰা প্ৰায় ১০ কিলোমিটাৰ অতিক্ৰম কৰি কুণ্ডিল নদীৰ ওপৰৰ দলংখন পাৰ হৈ ৩৭ নং ঘাই পথৰ পৰা বাওঁফালৰ পথটোৰেও হৰিপুৰ গাওঁ লৈ যোৱা হয়।

গাওঁ খনৰ বাসিন্দা সকল কৈৱৰ্ত সম্প্ৰদায়ৰ।জনসংখ্যা প্ৰায় ছশ। গাওঁ খনত দুখন প্ৰাথমিক বিদ্যালয় আছে। এখনৰ নাম হৰিপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু খনৰ নাম ২ নং হৰিপুৰ প্ৰাথমিক বিদ্যালয়। গাওঁ খনত এটা নামঘৰ আছে। এই গাওঁ খনৰ বাসিন্দা সকল মূলতঃ গোলাঘাটৰ নগোৰা সত্ৰৰ শিষ্য।

জীৱিকা হিচাবে অতিততে প্ৰায় সকলো লোকেই মাছমৰীয়া আছিল যদিও বৰ্তমান এতিয়া এই বৃত্তি সকলোৱে ত্যাগ কৰি অন্যান্য কৰ্মত নিয়োজিত হৈছে। বহু সংখ্যকে চৰকাৰী চাকৰি কৰাৰ ওপৰিও অন্যান্য ব্যৱসায়ৰ লগতো জড়িত হৈ পৰিছে।

বৰ্তমান হৰিপুৰৰ গাওঁ-বুঢ়া জন হ’ল শ্ৰী যুত জীৱন চন্দ্ৰ হাজৰিকা আৰু গাওঁ পঞ্চায়তৰ সদস্য জনৰ নাম হ'ল শ্ৰী যুত সুশীল দাস।