Jump to content

User talk:UDITBRABHA123

Page contents not supported in other languages.
From Wikipedia, the free encyclopedia

"বৃদ্ধাশ্ৰম"[edit]

"বৃদ্ধাশ্ৰম" হে প্ৰাণ বান্ধৱ বৃদ্ধাশ্ৰম, তোমাক শতকোটি প্ৰণাম। তোমাৰ আলিঙ্গন কি যে মধুৰতম! তুমি সৃষ্টিৰ অন্যতম। কত জনক সান্ত্বনা দিয়া তুমি দুখ-বেদনাৰ, মুচি দিয়া চকুলো কতজনৰ। তুমিয়েইতো শান্তিৰ আলয়, সংসাৰৰ তাপিত জনৰ তুমিয়েই আশ্ৰয়। সংসাৰ যুঁজত ক্ষত-বিক্ষত জনৰ, প্ৰশমিত কৰা সিহঁতৰ দুখ-যাতনাৰ। বুভুক্ষুজনক দিয়া অন্ন দান, নিৰাশ্ৰয়জনক দিয়া সংস্থাপন। তোমাত নাই হা হুমুনিয়াহ, তোমাতেই লয় সিহঁতে প্ৰশান্তিৰ উশাহ। ইয়াত নাই কোনো জ্বালা-জঞ্জাল, সংসাৰ সমস্যাই নকৰে আহুকাল। সকলোৱে থাকে ভাই ভনীৰ দৰে মিলিজুলি, নাই ইয়াত দ্বন্দ খৰিয়াল সমুলি। কোনো উচ্চ-নীচ্চৰ চিন নাই ইয়াত, বাস কৰি আছে যেন একেটা পৰিয়ালত। নাচি ভাগি পাৰ কৰে দিনবোৰ, নকৰে কাকো ভিন-পৰ। বেমাৰ-আজাৰৰ আছে সুন্দৰ ব্যৱস্থা, টকা-পইচাৰ নাই কোনো লেঠা। টান নৰিয়া হ'লে ডাক্তৰক মাতি পঠায়, ‌ডাক্তাৰসকলে হেনো ভিজিট নলয়। খোৱা-বোৱাৰো অতি যত্ন লয়, থকা-মেলাতো কোনো অসুবিধা নহয়। সঁচাকৈ তুমি যে এক কি সুন্দৰ ঠাই! ইয়ালৈ অহাজনে ঘৰলৈ যাব নুখুজে দুনাই। তথাপি তোমাক কৰিছোঁ কাতৰ অনুৰোধ, ইয়ালৈ পঠোৱা সকলক কৰিবা বিৰোধ। বুজাই দিবা সিঁহতক এইখন ঠাই লই তুমি ও আহিব খোজা নেকি ভাই? যদি তোমাৰো ইচ্ছা ইয়ালৈ আহিবলৈ, তেন্তে অনাদৰ কৰিবা পিতৃ-মাতৃ লৈ। তোমাৰ আদৰ্শ দেখি তোমাৰ সন্তানসকলে, নকৰিবা দুখ তুমি ইয়ালৈ তোমাক পঠালে। নিজৰ কৰ্মৰ ফল নিজ হাতে পায়, শাস্ত্ৰ সমূহে এই কথাকে আমাক শিকায়। "পদ্ম শঙ্কৰ চৌধুৰী" গ"োৱালপাৰা জিলা গ্ৰাম্য পুথিভঁড়াল সন্থা"

  ৰচনা কাল-০২-০৩-২২ ইং